Office Hours: Mon-Sat 10:00 AM - 5:00 PM
new-notice
জাননী- নাজিৰা পৌৰসভা কাৰ্য্যালয় তৰফৰ যোগেদি প্ৰধান মন্ত্ৰী আৱাস যোজনা (চহৰীয়া) আঁচনিৰ অধিনত আৱাস গৃহ লাভ কৰা হিতাধিকাৰীসকলৰ জ্ঞাতাৰ্থে জনোৱা যায় যে, প্ৰধান মন্ত্ৰী আৱাস যোজনা (চহৰীয়া) আঁচনি সকলো বিধি অনুসৰি চুক্তি পত্ৰত স্বাক্ষৰ কৰি চুক্তিবদ্ধ হোৱাৰ পাছত আপোনাৰ বেঙ্ক একাঊণ্টত দ্বিতীয় কিস্তিৰ ধন জমা কৰা হৈছিল । কিন্তু মুকলি কৰি দিয়া ধনৰ অনুপাতে আপুনি গৃহ নিৰ্ম্মাণৰ কাম সম্পূৰ্ণ নকৰা পৰিলক্ষিত হৈছে । সেয়েহে এই জাননী পোৱাৰ পৰা ৭ (সাত) দিনৰ ভিতৰত গৃহ নিৰ্ম্মাণ কামৰ সম্পূৰ্ণ কৰি নিম্ম-স্বাক্ষৰকাৰী কাৰ্য্যালয়ত জনাবলৈ জনোৱা হ’ল । অন্যথা চুক্তি পত্ৰ দফা নং- ৬,৭,৮,৯,১০,১১ ভংগ কৰাৰ অপৰাধত প্ৰচলিত আইন অনুসৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰা হব । আদেশক্ৰমে- পৌৰনেত্ৰী/কাৰ্যবাহী বিষয়া, নাজিৰা পৌৰসভা
new-notice
জাননী ইয়াৰ দ্বাৰা নাজিৰাবাসী ৰাইজ তথা ব্যৱসায় প্ৰতিষ্ঠানসমূহৰ স্বত্তাধিকাৰীসকলক জ্ঞাতাৰ্থে জনাওঁ যে, নাজিৰা নগৰখন পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰাখি কোনো ব্যক্তিয়ে য’তে ত’তে জাৱৰ-জোথৰ পেলাব নোৱাৰিব লগতে শুকান জাৱৰসমূহো জ্বলাই দিব নোৱাৰিব । প্ৰত্যেকেই ডাষ্টবিন ব্যৱহাৰ কৰাটো বাধ্যতামূলক । পৃথকিকৃত জাৱৰসমূহ ডাষ্টবিনত সংৰক্ষণ কৰি জাৱৰ-জোথৰসমূহ পৌৰসভাৰ নিৰ্দ্দিষ্ট যান-বাহনত জমা দিব লাগিব । এই নিয়ম অমান্য কৰি যদি কোনো ব্যৱসায় প্ৰতিষ্ঠানে তেওঁলোকৰ ব্যৱসায় প্ৰতিষ্ঠানৰ সন্মূখত অথবা তেওঁলোকৰ বাসস্থানৰ সন্মূখত জাৱৰ-জোথৰ পেলাই ৰখাৰ দৃষ্টিগোচৰ হয় তেতিয়া সেই জাৱৰ-জোথৰসমূহ আশে-পাশে থকা দোকানসমূহৰ / ঘৰৰ পৰা Solid Waste Management Rule 2016 ৰ অনুসৰি প্ৰথম অৱস্থাত ৫০০.০০ (আখৰেৰে পাঁচ শ) টকা, দ্বিতীয় অৱস্থাত ২,০০০.০০ (আখৰেৰে দুই হাজাৰ) টকা আৰু তৃতীয় অৱস্থাত একেই ভূলকে পুনৰাবৃত্তি কৰিলে উক্ত ব্যৱসায়িক প্ৰতিষ্ঠানক অনুজ্ঞাপত্ৰ বাতিল কৰাৰ লগতে প্ৰতিষ্ঠান বন্ধ (Seal) কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হব । ইয়াৰ ওপৰিও পৰিবেশ, বন আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ নিৰ্দেশনা আৰু প্লাষ্টিক আৱৰ্জনা ব্যৱস্থা (সংশোধনী) আইন ২০২১ অনুসৰি এবাৰ ব্যৱহাৰ কৰি পেলাই দিয়া প্লাষ্টিক (গ্লাচ, প্লেট, চামুচ, ষ্টীক) আইচ ক্ৰীমৰ ষ্টীক, প্লাষ্টিকৰ পতাকা, এশ মাইক্ৰনৰ PVC বেনাৰ , এশ বিছ মাইক্ৰনৰ (120 Micron) ৰ তলৰ কেৰিবেগ জমা কৰা, বিক্ৰী কৰা আৰু ব্যৱহাৰ কৰা সম্পূৰ্ণভাৱে নিষিদ্ধ কৰা হৈছে । নিষিদ্ধ কৰা সামগ্ৰীসমূহ কোনো ব্যক্তিয়ে ব্যৱহাৰ কৰিলে Plastic Waste Management Rule 2016 ৰ অনুসৰি প্ৰতি কেজিৰ বিপৰীতে ১০০ (আখৰেৰে এশ) টকাকৈ জৰিমনা বিহা হব প্ৰথম আৰু দ্বিতীয় অৱস্থাত, একেটা ভূলকে তৃতীয়বাৰলৈকে পুনাৰাবৃত্তি কৰিলে উক্ত ব্যৱসায়িক প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ লগতে প্ৰতিষ্ঠান বন্ধ (Seal) কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হব । নাজিৰা নগৰখন পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ লগতে প্লাষ্টিকমুক্ত আৰু প্ৰদূষণমুক্ত নগৰ হিচাবে গঢ়ি তুলাত সকলোৰে সহায় সহযোগিতা কামনা কৰিলো ।

Property Tax Statistics

Assessment by Citizens

0

Assessment by Officials

0

Total Geotagging Done

0
marker-pin-02

Total Geotagging Pending

0

Total Payments Done

0

Total Payments Received

₹0.00

Total Populations

13304

Male Voters

6889

Female Voters

6419

We are committed to providing excellent service and want to hear from you. If you have any concerns or complaints, please click on the button below to file a grievance.